JagiroadJaglau

Jagjit Singh (English) [ IPA: [Jagjit] ˈsɪŋ ASM: জগজিৎ চিং]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-10-11
1. PersonalitiesMusic(Proper Noun-Masculine) An Indian ghazal singer, composer, music director, activiist and entrepreneur. Known as "The Ghazal King" he gained acclaim together with his wife, another renowned Indian ghazal singer Chitra Singh. Jagjit Singh was born in Sri Ganganagar, Rajasthan. He has sung in Punjabi, Hindi, Urdu, Bengali, Gujarati, Sindhi and Nepali languages. He was awarded India's third highest civilian honour, the Padma Bhushan, in 2003. He died on 10 October 2011 at the age of 70 in Mumbai at Lilavati hospital. জগজিৎ সিং ভাৰতৰ এজন সুপ্ৰসিদ্ধ গজল গায়ক আৰু সংগীত বিশাৰদ৷ গজলৰ যাদুৰে তেওঁ দেশবাসী আৰু বিদেশৰ শ্ৰোতাকো মোহাচ্ছন্ন কৰি ৰাখিছিল৷ পদ্মভূষণ সন্মানেৰে সন্মানিত সিঙে হিন্দীৰ উপৰি উৰ্দু, পাঞ্জাবী, গুজৰাটী আৰু নেপালী ভাষাটো গীত গাইছিল৷ গজল সম্ৰাট ৰূপে খ্যাত জগজিৎ সিঙক ভাৰতৰ আধুনিক গজলৰ এজন অগ্ৰদূত বুলি গণ্য কৰা হয়৷ ১৯৪১ চনৰ ৮ ফেব্ৰুৱাৰীত ৰাজস্থানৰ শ্ৰীগংগা নগৰত জন্ম হয়৷ নিজকে এজন গায়ক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আগবঢ়াৰ সময়খিনিতে জগজিতৰ গজল গায়িকা চিত্ৰা সিঙৰ লগত চিনাকী হয় আৰু পাছলৈ বিবাহপাশত আৱদ্ধ হয়৷ দুয়ো গজলৰ জৰিয়তে যথেষ্ট খ্যাতি অৰ্জন কৰে৷ ২০১১ চনৰ ২৩ ছেপ্টেম্বৰত মগজুৰ ৰক্তক্ষৰণৰ হোৱাত মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰা হয়৷ শেষত এই ৰোগৰ বাবেই ২০১১ চনৰ ১০ অক্টোবৰত পুৱা ৮.১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷